ভোটাধিকাৰ সাব্যস্তৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা

 03/19/2019 - 14:12

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰক লৈ৷ এইবাৰ দেশত নিৰ্বাচনত ভোটদান কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯০ কোটি। এই ৯০ কোটিৰ কিছু সংখ্যক লোক আছে যিসকলে নিজৰ চহৰ বা গাঁওখন এৰি আন এখন ৰাজ্যত কৰ্মসূত্ৰে থাকিবলগীয়া হৈছে।

আৰু বিভিন্ন কাৰণত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ সমষ্টিৰ ভোটকেন্দ্ৰত উপস্থিত হ'ব পৰা নাই। তেওঁলোকৰ বাবে চৰকাৰে অন্য এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে।  এই ব্যৱস্থাৰ জৰিয়তে নিজ সমষ্টিত ভোটদান কৰিব নোৱাৰিলেও তেওঁলোকে নিজে বসবাস কৰা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷

তাৰবাবে তেওঁলোকে বনাব লাগিব এখন ভোটাৰ কাৰ্ড৷ নিজৰ ম’বাইলৰ ইণ্টাৰনেট সেৱাৰ সহায়ত www.nvsp.in ৱেবছাইটোৰ যোগেদি এই ভোটাৰ কাৰ্ডখন বনাব পাৰিব। এই ৱেবছাইটত থকা  ফৰ্মত গৈ নিজৰ ফটো তথা তথ্যসমূহ দি ভোটাৰ কাৰ্ডখন নাগৰিকে লাভ কৰিব পাৰিব ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।