নাজিৰাঃ শিক্ষাৰ দ্বাৰাহে জ্ঞান আহৰণ কৰিব পাৰি| জ্ঞানেই হ'ল পৰম শক্তি| আজি সোমবাৰে শিৱসাগৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ গৌৰৱোজ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমক দক্ষিণ পূব ভাৰতৰ দুৱাৰ মুখ কৰি তোলা হ'ব বুলি মন্তব্য কৰে৷
উল্লেখ্য যে বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটি দুদিনীয়াকৈ দেওবাৰ আৰু সোমবাৰে উদযাপন কৰা হয়| আজি মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা হয় এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতে প্ৰতিষ্ঠাপক অধ্যক্ষা দিপালী চলিহাক সম্বৰ্ধনা জনোৱাৰ লগতে এখনি গৱেষণামূলক গ্ৰন্থও উন্মোচন কৰা হয়৷ উল্লেখ্য যে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় উজনি অসমৰ অন্যতম লেখত ল’বলগীয়া বাণিজ্য শিক্ষাৰ প্ৰতিষ্ঠান৷ সুদীৰ্ঘ পঞ্চাশ বছৰে মহাবিদ্যালয়খনে বহুজন উচ্চমানৰ শিক্ষাৰ্থী গঢ়ি তোলাত সক্ষম হৈছে৷