ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া অব্যাহত চামগুৰিৰ ৪নং ভগামুখত

 07/02/2019 - 12:56

চামগুৰিঃ বৰ্তমান ব্যাপক ৰূপত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া অব্যাহত থকা ৪নং ভগামুখ ক্ৰমশঃ লাওখোৱাৰে এটা অভিশপ্ত অঞ্চললৈ পৰ্যবসিত হৈ পৰিছে। বিগত কেইবা বছৰ ধৰি চলি থকা গৰাখহনীয়াৰ ফলত শতাধিক দৰিদ্ৰ কৃষক পৰিয়াল ভাৰে-ভেঁটিয়ে উঠি যাবলৈ বাধ্য হৈছে নিৰাপদ স্থানলৈ। গাওঁখনৰ কণ-কণ শিশুৰ মাজত শিক্ষাৰ বীজ অংকুৰিত কৰাৰ অন্যতম থল স্বৰূপ একমাত্ৰ প্ৰাৰ্থমিক বিদ্যালয়খনো এতিয়া নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে।

কাৰণ ৪নং ভগামুখ স্থিত বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয় খনৰ প্ৰায় বিশ মিটাৰ আঁতৰতেই চলিছে এতিয়া মহাবাহুৰ ব্যাপক ধ্বংসলীলা। ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বাবে পূৰ্বেও কেইবাবাৰো বিদ্যালয় খনৰ স্থান সলনি কৰিব লগা হৈছিল যদিও এই বছৰো ৪নং ভগামুখত আৰম্ভ হোৱা কালৰূপী গৰাখহনীয়াৰ বাবে বিদ্যালয়খনলৈ নামি অহা চৰম ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি নৈ পৰীয়া ৰাইজে বিদ্যালয়খন পুনৰ ভাঙি নিৰাপদ স্থানলৈ নিয়াৰ দিহা কৰিছে।

বিদ্যালয়খনৰ পকী গৃহটোৰ যাবতীয় সকলো সা-সজুলি, আচ-বাব ভাঙি-ছিঙি লৈ পৰৱৰ্তী সময়ত আকৌ কোন ঠাইত স্থাপন কৰিব তাক লৈও বিমোৰত পৰিছে শিক্ষক-অভিভাৱকৰ লগতে স্থানীয় ৰাইজ। ইফালে সমীপতে কেশৱ মহন্তৰ দৰে এগৰাকী সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ গৃহ সমষ্টি হৈয়ো তথা এসময়ৰ প্ৰতাপী ৰকিবুল হুছেইনৰ দৰে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ গৃহ সমষ্টিৰ এটা অঞ্চলৰ ৰাইজৰ ওপৰত চলি অহা এনে দুৰ্যোগৰ বিষয়ে সকলো জানিও দুয়ো গৰাকী জনপ্ৰতিনিধিয়ে চকু মুদা কুলিৰ ভাও জুৰাক কেন্দ্ৰ কৰি এতিয়া অসন্তুষ্ট হৈ পৰিছে নৈ পৰীয়া সৰ্ৱস্বান্ত জনতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।