কোকৰাঝাৰত ব্ৰজপাতত নিহত যুৱক

 07/02/2019 - 13:03

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজানত সোমবাৰৰ নিশা বজ্ৰপাতৰ ফলত এগৰাকী যুৱক নিহত হয়। নিহত যুৱকগৰাকীক বালাজানৰ নগেন নাথৰ সন্তান সমীৰ নাথ(৩১) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণি অনুসৰি সমীৰ নাথে সোমবাৰৰ নিশা গাঁৱৰে এঘৰত আন চাৰি পাঁচজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল।

সমনীয়াৰ ঘৰত ফুৰিবলৈ যোৱাৰ পিছতে প্ৰবল বৃষ্টিপাত আৰম্ভ হয় আৰু নিশা দহমান বজাত বৰষুণৰ মাজতে ঘৰলৈ আহে। সেইমতে বন্ধুবৰ্গৰ স’তে ৰূমৰ পৰা ওলাই আহি বাৰান্দাত থিয় হোৱাৰ সময়তে প্ৰচণ্ড শব্দৰে বজ্ৰপাত পৰে আৰু সমীৰ নাথ ঘটনাস্থলীতে নিহত হয়। সৰৱৰহী যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।