বিনা বেতনে শিক্ষকতা কৰি অৱসৰ তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ

 07/02/2019 - 13:50

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বিনা বেতনে অৱসৰ ললে শিক্ষক খৰ্গেশ্বৰ কলিতাই| আজি বিদ্যালয় প্ৰাংঙ্গণত দিনজোৰা কাৰ্য্যসূচীৰে বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়| এলেকাধীন গাঁওবুঢ়া জীৱন চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আঁত ধৰে সহ:শিক্ষক প্ৰবোধ বড়োয়ে|

উক্ত সভাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে এলেকাধীন লোকসকলে শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে| উল্লেখ্য যে ১৯৮৪ চনত তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয় খন স্থাপিত হৈছিল আৰু ১৯৯১ চনত খৰ্গেশ্বৰ কলিতাই বিদ্যালয়খনত শিক্ষক হিচাপে যোগদান কৰিছিল| গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশীকৰণ হয় যদিও চেচনেল পদত থকা বাবে শিক্ষকগৰাকীয়ে চৰকাৰী দৰমহাৰ পৰা বঞ্চিত হৈছিল| বিদ্যালয়খনত শিক্ষকগৰাকীয়ে সপ্তম পদত থকাৰ বিপৰীতে চৰকাৰৰ নিয়ম অনুসৰি শিক্ষকতাৰ পদটো লাভ নকৰাত এই দৰে বিনা বেতনে অৱসৰ লয়| আনহাতে বিদায় সভাৰ অন্তত শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে সমদল বাহিৰ কৰি শিক্ষক গৰাকীক ঘৰলৈ আদৰি আনে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।