খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন

 07/02/2019 - 13:57

নাজিৰাঃ শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শিক্ষক পুনেশ্বৰ চেতিয়া, সহকাৰী শিক্ষক দ্ৰোণ ফুকন আৰু সহকাৰী প্ৰধান শিক্ষক অনিল গগৈয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালকৰ সমিতিৰ সভাপতি অতুল গগৈয়ে।

সেই সভাতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা হাতে লিখা আলোচনী "বীথিকা" উন্মোচন কৰা হয়। বীথিকা উন্মোচন কৰে স্থানীয় সংবাদদাতা ধ্ৰুৱজ্যোতি গগৈয়ে। সভাত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক ভৰত গগৈ, সমাজকৰ্মী লোকনাথ গগৈ, সমাজ কৰ্মী নৱ গগৈ, আটাছু মহকুমা সাংগাঠনিক সম্পাদক জিণ্টু আৰন্ধৰা।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অতুল গগৈ, সহকাৰী প্ৰধান শিক্ষক অনিল গগৈ, সহকাৰী শিক্ষক দ্ৰোণ ফুকন তেওঁলোকৰ নিজাববীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক কিতাপ টোপোলা নগদ ধনেৰে সন্মান জনায়। অতিথিসকলে নিজৰ ভাষণত অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলক সৎ চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কয়। যিমানেই শিক্ষিত নহওক কিয় নিজৰ পিতৃ-মাতৃসকল বৃদ্ধাশ্ৰম যাতে তেওঁলোক যাবলগীয়া নহয়।

সভাৰ মাজে মাজে ছাত্ৰ-ছাত্ৰী সাংস্কৃতিক কাৰ্য্যসূচী সমান্তৰালভাৱে চলাই থাকে। সহকাৰী বিজ্ঞান শিক্ষক পুনেশ্বৰ চেতিয়াই ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলক নিজৰ সন্তানক দেশৰ সুনাগৰিক হোৱা গুৰুতৰ কথা উল্লেখ কৰে। সভাৰ শেষৰ ফালে সহকাৰী শিক্ষক ৰিখেশ্বৰ চেতিয়া আঁত ধৰি বাৰ্ষিক ক্ৰীড়া সপ্তাহত স্থান লাভ কৰা ছাত্র-ছাত্ৰীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰি দিনটোৰ কাৰ্য্যসূচী সামৰণি পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।