ভয়ংকৰ বানৰ কবলত মহাৰাষ্ট্ৰৰ লগতে গুজৰাট

 07/02/2019 - 14:02

ডিজিটেল ডেস্ক: নেৰানেপেৰা বৰষু্‌ণৰ ফলত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ লগতে ৰাজ্যৰ কেইবাখনো চহৰ এতিয়া সম্পূৰ্ণভাৱে বুৰ গৈছে কৃত্ৰিম বানত। যোৱা কেইবাদিন ধৰি দিয়া ধাৰাষাৰ বৰষুণৰ ফলত চহৰখনত সৃষ্টি হৈছে এক অভাৱনীয় পৰিবেশ। স্থবিৰ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। গুজৰাটৰো বহুত অঞ্চল ইতিমধ্যে বানত বুৰ গৈছে। চহৰকেইখনৰ কেইবাখনো ঠাইত যানবাহনৰ লগতে ৰেলসমূহৰ চলাচল ব্যাহত হয় পৰিছে।

গুজৰাটত কৃত্ৰিম বানৰ ফলত বৰ্তমানলৈ বহুতো ক্ষয় ক্ষতি হোৱাৰ লগতে মুম্বাইত ২৭জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘন্টাৰ ভিতৰত কিছু কিছু ঠাইত ধাৰাষাৰ বৰষুনৰ আগজাননী দিছে।

যাৰ বাবে মুম্বাই প্ৰশাসনে ২ আৰু ৩ জুলাইত সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে কাৰ্যালয়সমূহ বন্ধ ৰাখিবলৈ ৰ্নিদেশ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।