মোডীক কটাক্ষ প্ৰিয়ংকাৰঃ ধনী লোকেহে ঘৰত চকীদাৰ ৰাখে, দুখীয়াৰ সেই সামৰ্থ নাই

 03/19/2019 - 14:33

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ দৰেই ধর্মীয় আৱেগক আধাৰ কৰি উত্তৰ প্ৰদেশত নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ব্ৰদ্ৰাই। ৰাজ্যখনৰ দায়িত্ব লােৱাৰ পাচত দলীয় কর্মীসকলৰ সৈতে একাধিক বৈঠকত মিলিত হলেও নির্বাচনী প্রচাৰত প্রথমবাৰৰ বাবে নামিল তেওঁ। আৰম্ভণিতেই প্রিয়ংকাই বাছি ল'লে গংগাক, যিখন নদীক আধাৰ কৰি ২০১৪ চনত উত্তৰ প্ৰদেশ জয় কৰিছিল নৰেন্দ্ৰ মােডীয়ে। উত্তৰ প্ৰদেশ তথা উত্তৰ ভাৰতৰ হিন্দুসকলৰ যে গংগা নদীৰ সৈতে এটা পৃথক ধর্মীয় আৱেগ জড়িত হৈ আছে, সেই কথা অনুধাৱন কৰিয়েই প্রিয়ংকাই প্রচাৰৰ অস্ত্র হিচাপে বাছি ল'লে গংগাক।

সোমবাৰে পুৱা প্রয়াগৰাজৰ ছােটা হনুমান মন্দিৰত পূজা-অর্চনা কৰি প্ৰিয়ংকা ত্রিবেণী সংগমলৈ যায় আৰু তাত পূজা দি গংগাৰ বুকুৰে নৌকাযাত্ৰা আৰম্ভ কৰে। প্রয়াগৰাজৰ মানাইয়া ঘাটত আৰম্ভ কৰা প্ৰিয়ংকাৰ তিনিদিনীয়া গংগাবিহাৰৰ অন্ত পৰিব মােডীৰ সমষ্টি বাৰানসীত। প্রিয়ংকাৰ ভাষণ শুনিবলৈ ত্রিবেণী সংগমত বহু নেতাকৰ্মীৰ সমাগম হয়। তেওঁলােকক উদ্দেশ্যি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ক'লে— ভােট দিয়াৰ পূর্বে ভাবক প্রধানমন্ত্রী কেৱল ডাঙৰ ডাঙৰ উদ্যোগপতিৰ পক্ষতহে, আপােনাৰ পক্ষত নহয়। প্রিয়ংকাৰ যাত্ৰা পথৰ বিভিন্ন ঠাইত নদীৰ তীৰত অসংখ্য লােকৰ সমাগম দেখা গ'ল। সকলােকে হাত জোকাৰি অভিবাদন জনাই গ'ল তেওঁ। মাজে মাজে পাৰত নামি কথাও পাতিলে।

এই প্ৰচাৰাভিযান আৰম্ভ কৰাৰ পূর্বে টুইটাৰত আইতাক তথা প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ স্মৃতিচাৰণ কৰে প্ৰিয়ংকাই। টুইটাৰত ইন্দিৰা গান্ধীৰ জন্মস্থান স্বৰাজ ভৱনৰ এখন ফটো দি তেওঁ লিখিলে— স্বৰাজ ভৱনলৈ আহিলেই মােৰ আইতা ইন্দিৰা গান্ধীৰ কথা মনত পৰে। তেওঁ প্রতিদিনে মােক শােৱাৰ সময়ত সাধু কৈছিল। তাৰ ভিতৰত অন্যতম আছিল জোৱান অব আর্কৰ কাহিনী। তেওঁ কোৱা কথাবােৰ এতিয়াও মােৰ মনত প্রতিধ্বনিত হয়। তেওঁ মােক কৈছিল— সাহসী হােৱা, তােমাৰ ভাল হ'বই। অনস্বীকার্য যে বহুতে প্রিয়ংকা গান্ধীৰ মাজত প্ৰয়াত ইন্দিৰা গান্ধীৰ ছাঁ বিচাৰিব খােজে আৰু নির্বাচনৰ প্ৰচাৰত মানুহৰ সেই আৱেগক ব্যৱহাৰ কৰাৰ চেষ্টাত কণমানাে কার্পণ্য নকৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

ছিৰছাৰ একাংশ ভােটাৰক সাক্ষাৎ কৰি নিজৰ ভাষণত নৰেন্দ্ৰ মােডী চৰকাৰক তীব্র সমালােচনা কৰি প্ৰিয়ংকাই কয় যে বর্তমানৰ কেন্দ্ৰীয় চৰকাৰ মাত্ৰ চাৰি-পাঁচজন ব্যক্তিৰ মতেই চলি আছে। ‘কেইজনমান লােকেই সকলাে সিদ্ধান্ত লয়। তেওঁলােকে জনতাক চলাব পাৰিম বুলি ভাবে। জনতাই একো নাজানে বুলি ধৰি লৈছে তেওঁলােকে।' —প্রিয়ংকাই কয়।

চকীদাৰ নৰেন্দ্ৰ মােডীক কটাক্ষ কৰি তেওঁ কয় যে বিত্তৱানসকলেহে ঘৰত চকীদাৰ ৰাখে, দুখীয়া মানুহৰ এই বিলাসিতা কৰাৰ সামর্থ্য নাই। তেওঁলােক নিজেই নিজৰ চকীদাৰ বুলিও উল্লেখ কৰে প্ৰিয়ংকাই। ডুমডুমা ঘাটত অনুষ্ঠিত জনসভাত তেওঁ কয় যােৱা ৫ বছৰত দেশত যি হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে, তাৰ পূৰ্বৰ ৪৫ বছৰত এনে হােৱা নাছিল। কৃষকৰ সমস্যাক লৈ চিন্তা নাই চৰকাৰৰ। কেৱল ধনী ব্যৱসায়ীক কোটি কোটি টকা অর্জন কৰাৰ সুবিধা দিছে।

আমি ভুৱা প্রতিশ্রুতি নিদিওঁ। কথা দিয়ামতেই ক্ষমতালৈ অহাৰ পাচত ৰাজস্থান, মধ্যপ্রদেশৰ কৃষি ঋণ ৰেহাই দিয়া হৈছে। এইবাৰৰ নিৰ্বাচনত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ পক্ষত ভােট দিবলৈও তেওঁ আহ্বান জনায়। এই দেশ আপােনালােকৰ, ৰক্ষা কৰাৰ দায়িত্বও আপােনালােকৰে। ক্ষমতালৈ কাক আনিব, নিজেই সিদ্ধান্ত লওক। কাৰােৰ দ্বাৰা প্ৰভাৱিত নহ'ব। কংগ্ৰেছ আৰু ৰাহুল গান্ধীক ভােট দিলে প্রতাৰিত নহয় আপােনালােক।'— প্রিয়ংকাই কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।