লংকাঃ এজাক পখীৰ কোলাহলে দৈনিক দৃষ্টি আৰ্কষণ কৰিছে বহুজনৰ৷ অৰণ্যৰ অভাৱতে হওক বা পৰিভ্ৰমী পখীৰ স্বভাৱসুলভ কাৰণতেই হওক এক কোলাহল পৰিৱেশে আমোদ দি আহিছে এখন গাঁৱৰ লোকৰ লগতে অঞ্চলবাসীক৷ হোজাই জিলাৰ লংকাৰ বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ ১নং কাকী ৬নং কাকমাৰী গাঁৱত বিৰাজ কৰিছে এনে এক পৰিৱেশ।
বিগত ৫ বছৰৰ পৰা গাঁওখনৰ শুভন বৰদলৈ নামৰ লোকজনৰ ডেৰ বিঘা যোৰা বাঁহনিত বিভিন্ন প্ৰজাতিৰ পখীয়ে থিতাপি লৈ এক নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। অসাধু লোক, চোৰাং চিকাৰীৰ হাতত জীৱ-জন্ত,পক্ষী নিধন হৈ বিলুপ্তিৰ পথলৈ দিনক দিনে আগবাঢ়ি থকাৰ সময়তে এইসমূহ পক্ষীয়ে যেন ঘৰ সাজিছেহি নিৰাপদ স্থলত। লোকজনে জানিব দিয়ামতে তেওঁৰ এই বাঁহনিডৰাত বগলী, কণামুচৰী, পানীকাউৰী, শামুকখোলা, বাদুলী আদিকে ধৰি পক্ষীকূলৰ বিভিন্ন প্ৰজাতিয়ে বাঁহনিডৰাত নিৰ্ভয়ে বাসস্থান লৈ আছেহি।
প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰে এক আকৰ এই পক্ষীকূলক লোকজনে অতি নিৰাপদে ৰাখিছে বুলি জানিবলৈ দি এই পক্ষীসমূহৰ কোলাহলে তেওঁৰ মনত প্ৰশান্তি দিয়ে বুলি কয়। লগতে কোলাহলৰ শব্দত বহু লোকেই পক্ষীসমূহক চাবলৈ অহা বুলি ব্যক্ত কৰি স্থানীয় বন বিভাগৰ লোকেও খবৰ পোৱাত পক্ষীসমূহক সময়ে সময়ে চোৱা-চিতা কৰা বুলি জানিব দিয়ে।