বিশ্বকাপৰ বা-বতৰা

 07/02/2019 - 14:48

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৩৯ সংখ্যক মেচত শ্ৰীলংকাই পৰাস্ত কৰিছে ৱেষ্ট ইণ্ডিজক। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৫০ অভাৰত ৬ টা উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্ৰহ কৰে।

তাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ৯ টা উইকেট হেৰুৱাই ৩১৫ ৰান কৰে। ২৩ ৰানত জয়ী হয় কৰুণাৰত্নে বাহিনী। শ্ৰীলংকাৰ অভিষেকা ফাৰ্ণাণ্ড’য়ে ১০৩ বলত ১০৪ ৰান কৰি মেন অৱ দ্য মেচ হয়।

আজি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৪০ সংখ্যক মেচ অনুষ্ঠিত হ’ব ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা বাৰ্মিংহামত ভাৰত আৰু বাংলাদেশৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।