অদ্ভূত কাৰণত দুমাহ ধৰি বিদ্যুতৰ পৰা বঞ্চিত মঙলদৈৰ মুদৈবৰী অঞ্চল

 07/02/2019 - 15:24

মঙলদৈঃ যোৱা দুমাহ ধৰি বিদ্যুতৰ পৰা বঞ্চিত মঙলদৈৰ মুদৈবৰী অঞ্চল। মুদৈবৰীকে ধৰি চেনিয়াল পাৰাৰ প্ৰায় ৫০ৰো অধিক পৰিয়াল বঞ্চিত হৈ আছে বিদ্যুতৰ পৰা। এফালে গৰম আনফালে বিদ্যুৎ বিকলৰ বাবে জীয়াতু ভুগিছে ৰাইজে। বিজুলী পাংখাৰ পৰিৱৰ্তে হাতত বিচনী লৈ শাঁত পেলাইছে গা। বিদ্যুৎ বিকল হোৱা বাবে ব্যৱসায়িক দিশতো লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল।

বাৰম্বাৰ মঙলদৈত থকা বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দি আহিছে যদিও বিভাগটোয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিভাগৰ মতে পাঁচ ঘৰ লোকৰ বিল অনাদায় হৈ থকাৰ বাবে অঞ্চলটোত বিদ্যুতৰ পুনৰ সংযোগ দিয়া নাই বুলি প্ৰকাশ। কিন্তু স্থানীয় ৰাইজৰ মতে পাঁচ ঘৰৰ বাবে সেই গোটেই অঞ্চলটোৱে কিয় কষ্ট ভোগ কৰিব লাগে বুলি ওলোটাই ধৰে। অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।