গুৱাহাটীৰ একাংশ বিবাহ ভৱনত ওলমিব তলা

 07/02/2019 - 16:14

 গুৱাহাটীঃ কিছুদিন পূৰ্বে অসম প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদে গুৱাহাটী মহানগৰীৰ কেইখনমান আগশাৰী হোটেল বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ পাছত এইবাৰ মহানগৰীৰ কেইটামান আগশাৰীৰ বিবাহ ভৱন বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থা নথকাৰ বাবে মহানগৰীৰ ১৬টা বিবাহ ভৱন বন্ধ কৰা হ'ব বুলি জানিব পৰা গৈছে।

এই ১৬টা ভৱন ক্ৰমে- জু ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেন, পাঞ্জাবাৰীৰ চেলেষ্টিয়েল, হাতীগাঁৱৰ ৰম্ভা মাধৱ অমৰাৱতী, লালগনেশৰ উৰ্বা, চচলৰ জোনবিল বিবাহ ভৱন, নাৰেংগীৰ সাগৰিকা পেলেচ, নাৰিকলবাৰীৰ জোনাকী কাৰেং, মঠঘৰীয়াৰ কল্পনা, হাতীগাঁৱৰ মনিষা, ভেটাপাৰা চিটিডেন পাৰ্টী হল, লাষ্টগে'টৰ এলজিয়ন পেলেচ, নাৰেংগীৰ টাউন হল, বাৰোৱাৰীৰ কনিকা, ৰিহাবাৰীৰ ৰিষ্টে বিবাহ ভৱন, কুমাৰপাৰাৰ হাৰিয়ানা চেৰিটেবল ট্ৰাষ্ট ভবন, কুমাৰপাৰাৰ গ্ৰীণ কেচ্চল বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

ইফ্লুৱেন্ট ট্ৰিটমেন্ট প্লেন্টৰ সঠিক ব্যৱস্থা নথকাৰ বাবে এই বিবাহ ভৱন কেইটা বন্ধ হ’ব বুলি জানিব পৰা গৈছে। তদুপৰি এই বিবাহ ভৱন সমূহৰ অতি শীঘ্ৰে বিদ্যুৎ সংযোগ কৰ্তন কৰা লগতে পানী আৰু আন অত্যাবশ্যকীয় সেৱা সমূহ বন্ধ কৰিব বুলি ঘোষনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।