বৰডুবিত চাহ কোম্পানীৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ঠিকাদাৰৰ

 07/02/2019 - 17:20

ডুমডুমাঃ বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাপ্য ধন (Liability Bill) বিচাৰি দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ঠিকাদাৰৰ। অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গোপনে তিনিচুকীয়া জিলাৰ চামডাং, ৰাইডাং, বিছাকুপি, বাঘজান, বৰডুবি, দৈমূখীয়া আৰু ফিল'বাৰী মুঠ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limitedক বিক্ৰী কৰিছিল।

মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰসকলে কাম কৰা টকা আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M.K.Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে। বিভিন্নসময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে।

প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া শংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ। বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ এইসকল ঠিকাদাৰ সকলে বৰডুবি চাহ বাগিছা কাৰ্যালয়ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ঠিকাদাৰসকলৰ মঞ্চ সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD)এ। ঠিকাদাৰসকলৰ দাবী অতি শীঘ্ৰে যদি তেওঁলোকৰ প্ৰাপ্য নাপাই তেন্তে M. K. Shah Exports Limited মালিকাধীন সকলো বাগিছাৰ বিৰুদ্ধে জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।