শিলসাকোস্থিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত দুষ্পাপ্য কেকো সাপ উদ্ধাৰকলৈ চাঞ্চল্য

 07/02/2019 - 17:46

গুৱাহাটীঃ উত্তৰ গুৱাহাটী শিলসাকোস্থিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত দৈনিক সাঁতোৰ প্ৰশিক্ষণ চলি আছে। আন দিনৰ দৰে ১ জুলাইত প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষক দ্বয় লম্বোধৰ ডেকা আৰু প্ৰশান্ত দাসে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱনৰ চাফাই কাৰ্য আৰম্ভ কৰে। সন্ধিয়া প্ৰায় ৭:৩০ বজাত চাফাই কৰি থাকোতে এটি দুষ্পাপ্য কেকো সাপ প্ৰত্যক্ষ কৰে।

তাৰপাছতে সাপদাল সুৰক্ষিত ভাৱে আৱদ্ধ কৰি নিশাটো ভৱনটোতে ৰখা হয়। নিশাই বনবিভাগক এই বিষয়ে অৱগত কৰোৱা হয়। পুৱা ৭ বজাত বনকৰ্মীৰ দল উপস্থিত হৈ সাপদাল লৈ যায়। উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে কেকো সাপৰ দৰে দুষ্পাপ্য প্ৰজাতি সাপ উদ্ধাৰ কৰি বন বিভাগক সুৰক্ষিত ভাৱে গটোৱাৰ বাবে সাঁতোৰ প্ৰশিক্ষক দ্বয়ে প্ৰশংসা কৰে। এনে দুষ্পাপ্য প্ৰজাতিৰ সাপ, জীৱ-জন্তু দেখিলে ৯৫০৮৭০২১৮৮ অথবা ৯৭০৬১১৫৪৬৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।