ৰঙিয়াঃ মৰাণজানা উদ্যোগিক পামত থকা 'ৰিও' নামৰ খোৱাপানীৰ পেকেজিং উদ্যোগ এটাৰ পৰা বিক্ৰীৰ বাবে যোগান ধৰা হৈছিল পানীৰ বটল। আজিজুৰ ৰহমান নামৰ গ্ৰাহক এজনে ৰঙিয়া হাইৱে চ'কৰ দোকান এখনৰ পৰা ১০ টকাত ক্ৰয় কৰিছিল উক্ত উদ্যোগটোত পেকেজিং কৰা 'ৰিও' নামৰ পানীৰ বটলটো । বটলটো ক্ৰয় কৰি পানী পান কৰাৰ আগমুহুৰ্তত চকুত পৰে বটলৰ ভিতৰ থকা মৰা মকৰা এটা।
লগেলগে সচেতন গ্ৰাহকজনে উদ্যোগটোৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ পিচতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ বাবে উদ্যোগটোত উপস্থিত হয় আৰক্ষী। সেই সময়ত উদ্যোগটোত উপস্থিত আছিল অকল কৰ্মচাৰী। আৰক্ষীয়ে স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰি নথিপত্ৰসহ থানাত হাজিৰ হ’ব আৰক্ষীৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ দেখুৱাই বৰ্তমানলৈ আৰক্ষী থানাত হাজিৰ হোৱা নাই উদ্যোগটোৰ স্বত্বাধিকাৰী। গোচৰৰ পিচতে আৰক্ষীয়ে পানী পেকেজিং উদ্যোগটো দণ্ডাধীশৰ উপস্থিতিত চিল কৰিব লাগিছিল যদিও আৰক্ষীয়ে চিল নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।