বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দৌৰৰ যাদু দেখুৱাব গােপী থনাকালে

 03/19/2019 - 14:56

নতুন দিল্লীঃ প্রতিভাসম্পন্ন মাৰাথন দৌৰবিদ গােপী থনাকালে অহা ছেপ্টেম্বৰ-অক্টোবৰত ড’হাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপলৈ যােগ্যতা অর্জন কৰিছে।

ছিউল আন্তঃৰাষ্ট্ৰীয় মাৰাথনত একাদশ স্থান দখল কৰি গােপীয়ে এই যােগ্যতা অর্জন কৰে। ৩০ বছৰীয়া দৌৰবিদগৰাকীয়ে ২ ঘণ্টা ১৩ মিনিট ৩৯ ছেকেণ্ড সময়েৰে এই দূৰত্ব অতিক্রম কৰে।

বিশ্বচেম্পিয়নশ্বিপলৈ যােগ্যতা অর্জন কৰাৰ বাবে মাপকাঠী হিচাপে ২ ঘণ্টা ১৬ মিনিট ধার্য কৰা হৈছিল। উল্লেখযােগ্য যে ২০১৭ত চীনৰ ডংগুৱানত অনুষ্ঠিত এছিয়ান মাৰাথনত গােপীয়ে খিতাপ জয় কৰিছিল। ইয়াৰ পূর্বে ২০১৬ অলিম্পিকত তেওঁ ২৫ সংখ্যক স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।