07/02/2019 - 19:19
in
মঙলদৈঃ দৰঙত জাপানীজ এনকেফেলাইটিচ ৰোগৰ সংহাৰী ৰূপ। ইতিমধ্যে এটি শিশুসহ প্ৰাণ গৈছে তিনিজনৰ। আক্ৰান্ত হৈ আছে প্ৰায় ৪ জন। মুঠ ৭ জন আক্ৰান্ত এই ৰোগত। ইতিমধ্যে ৰোগ প্ৰতিৰোধৰ বাবে জিলা খনৰ পাথৰিঘাট ব্লক PHE আৰু জলজলী ব্লক PHE ৰ অধীনৰ এলেকাসমূহত মহ নিধনৰ বাবে ধোঁৱা দিয়া হৈছে। ইয়াৰ ওপৰিও আঁঠুৱা সমূহত ঔষধ দিয়াৰ ব্যৱস্থা কৰিছে জিলা মেলেৰিয়া বিভাগে।
লগতে বিভাগটোৱে জনসাধাৰণক সজাগ হ’বলৈও আহ্বান জনাইছে। যাতে মহে কামুৰিব নোৱাৰে। উল্লেখ্য যে বিগত বছৰত দৰং জিলাত ১০ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল। আৰু এইবাৰ জিলাখনৰ পাথৰিঘাট ব্লক PHE আৰু জলজলী ব্লক PHE ৰ অধীনৰ এলেকাসমূহত এই ৰোগৰ প্ৰাদূৰ্ভাব বেছি দেখা গৈছে। আনহাতে পৰ্যাপ্ত পৰিমানে ধোঁৱা ব্যৱহাৰ আৰু আঁঠুৱা ঔষধিকৰণ হোৱা নাই বুলি অভিযোগ কৰিছে বিভিন্ন দল সংগঠনে।