দিব্যাংগ লোকক অণুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেজপুৰৰ বাণ থিয়েটাৰত 'সুস্থ মন অসুস্থ মানুহ' মঞ্চস্থ

 07/02/2019 - 20:22

তেজপুৰঃ আমাৰ সমাজত এনে কেতবােৰ ব্যক্তি আছে যাৰ একোটা সুস্থ মন আছে যদিও তেওঁলােকৰ শৰীৰ কিন্তু অসুস্থ। শাৰীৰিকভাৱে অসুস্থ যদিও তেওঁলােকে সেই সুন্দৰ তথা সুস্থ মনটোৰে সৃষ্টিশীলতাত জড়িত হৈ সুন্দৰৰ সাধনাত ব্ৰতী হৈ আহিছে। এনে দিব্যাংগ লােকসকলক অনুপ্রাণিত কৰাৰ উদ্দেশ্যে বিশিষ্ট নাট্যশিল্পী মৃদুল চুতীয়াই তেজপুৰৰ 'মাটি আখৰা’ নামৰ নাট্যানুষ্ঠানটোৰ জৰিয়তে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্রেক্ষাগৃহত মঞ্চস্থ কৰে 'সুস্থ মন অসুস্থ মানুহ' শীৰ্ষক এখনি নাটক।

তেজপুৰৰ দিব্যাংগ শিল্পী, উদীয়মান নাট্যকাৰ অৰুণজ্যোতি বৰাই ৰচনা কৰা এই নাটখনিৰ মুখ্য চৰিত্ৰত অভিনয় আৰু পৰিচালনা কৰা মৃদুল চুতীয়াই নাটকৰ অন্তত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ দহগৰাকী দিব্যাংগ ব্যক্তিক দর্শকৰ সন্মুখত পৰিচয় কৰাই দি 'মাটি আখৰা’ৰ জৰিয়তে বিশেষভাৱে সম্ভাষণো জনায়। হিমাংশু বৰাৰ মনােগ্রাহী সংগীত, মৰিগাঁৱৰ শিল্পী ৰাজু দাসৰ সুন্দৰ মঞ্চসজ্জা, বিপুল নাথৰ অৰ্থৱহ আলােকসম্পাত আৰু ৰঞ্জনৰ শব্দৰে সফল মঞ্চায়ন হোৱা নাটকখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰে ক্ৰমে উজ্জ্বল শইকীয়া, সংগীতা মহন্ত, নিয়ন্তা বৰা, অংকিতা শইকীয়া, গৌতম কোঁচ, দ্বীপ কলিতা, ৰীমা বৰুৱা, কৃষ্টিকলা কাশ্যপ, জোসিতা গােস্বামী,ভূয়সী কাশ্যপ আৰু এলিচা শইকীয়াই।

সম্বৰ্দ্ধিত ব্যক্তিসকল হল উত্তৰ অসম দিব্যাংগ সংস্থাৰ সভাপতি মৃদুল কুমাৰ বৰা, সাধাৰণ সম্পাদক উৎপল ভূঞা, দিলীপ সাহা, নাৰায়ণ উপাধ্যায়, গৌৰৱ নাথ, সঞ্জয় কৰ, তেজপুৰ আকাশবাণীৰ কণ্ঠশিল্পী চিত্ৰা দেৱী, সীমা ঠাকুৰ, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্রশিল্পী ৰাতুমণি দাস। মাটি আখৰাৰ সভাপতি দুল গােস্বামীৰ লগতে অন্যান্য বিষয়ববীয়াসকলে সম্ভাষণ জনােৱা অনুষ্ঠানটোৰ আঁত ধৰে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।