খাৰুপেটীয়াঃ লুঙী পিন্ধা বেংক গ্ৰাহকসকল সাবধান হওক। যিকোনো সময়ত বেংকৰ কৰ্মচাৰীয়ে আপোনাক গতিয়াই উলিয়াই দিব পাৰে বেংকৰ পৰা। এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে দৰঙৰ ব্যবসায়ীক নগৰ খাৰুপেটীয়াত। জানিব পৰা মতে মঙলবাৰে ইউনিয়ন বেংক অব্ ইণ্ডিয়াৰ খাৰুপেটীয়া শাখাত কেইজন গ্ৰামাঞ্চলৰ গ্ৰাহকে বেংকত প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়াৰ বাবে প্ৰৱেশ কৰে যদিও বেংকত কৰ্মৰত এজন হিন্দীভাষী কৰ্মচাৰীয়ে লুঙী পিন্ধি বেংকত প্ৰবেশ কৰিব নোৱাৰে বুলি কৈ গতিয়াই উলিয়াই দিয়ে বেংকৰ পৰা।
কাহানিও কোনো বিত্তীয় প্ৰতিষ্ঠানত নোহোৱা এনে ঘটনাত হতভম্ব হৈ পৰে লুঙী পিন্ধা গ্ৰাহকসকল। আনহাতে ইউনিয়ন বেংক খাৰুপেটিয়াৰ শাখাত নতুন একাউণ্ট খোলাৰ নামত বিভিন্ন সময়ত গ্ৰাহকসকলৰ লগত হাৰাশাস্তি কৰি আহিছে বেংক কৰ্তৃপক্ষই। এনে ঘটনাক ওঝাগাও আঞ্চলিক আমছু আৰু দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে অসাংবিধানিক ঘটনাত জড়িত কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বেংক কৰ্তৃপক্ষক দাবী জনায়।