বৰপেটাঃ বিগত পাঁচ দিন ধৰি জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ। বুঢ়াদিয়াৰ বাঢ়নী পানীৰ সোঁতত কালাতলিৰ মথাউৰি ভাঙি ইতিমধ্যে কালাতলিত বিপৰ্যয়ৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ টিহু নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছে মথাউৰি। এইদৰে এই ভঙা মথাউৰিৰে হলাহলে সোমাইছে পানী।
বতিয়া কালাতলিত মানুহৰ ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত হৈছে পানী। ভাত এমুঠি সিজাই খাবলৈও ঠাইৰ অভাব এতিয়াও এইদৰে বানপানীৰ লগত সহবাস কৰিছে বন্যাক্ৰান্ত লোকে। ইপিনে এই বানৰ কৱলত পৰিছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ। বানে নাট্যদলটোৰ বিস্তৰ ক্ষতি সাধন কৰে।
ইমান বিপৰ্যয়ৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে প্ৰশাসন তথা জনপ্ৰতিনিধি। বানে এইদৰে প্ৰতিবছৰে জুৰুলা কৰি আহিছে যদিও ইয়াৰ বিপৰিতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা নহয় বুলিহে ঘোষণা কৰিছে।