পাকিস্তানৰ বায়ুক্ষেত্র বন্ধ: ৬০ কোটি অতিৰিক্ত ব্যয় এয়াৰ ইণ্ডিয়াৰ

 03/19/2019 - 15:11

ডিজিটেল ডেস্ক: ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি আক্ৰমণ কৰাৰ পিছৰ পৰাই পাকিস্তানত বন্ধ কৰা হৈছে বায়ুক্ষেত্রসমূহ। যাৰ ফল ভোগ কৰিছে ৰাষ্ট্ৰীয় উৰাজাহাজ কোম্পানী এয়াৰ ইণ্ডিয়াই। কিয়নো,উৰণৰ সময়ত তেওঁলোকে কোনো এক স্থানত ৰৈ পুনৰ উৰণ আৰম্ভ কৰে কিন্ত্ত পাকিস্তানৰ বায়ুক্ষেত্র বন্ধ কৰাৰ পিছত এই উৰণ প্ৰক্ৰিয়াটো দীঘলিয়া হৈ পৰিছে।

যাৰ ফলত এতিয়ালৈকে অতিৰিক্ত ৬০কোটি টকা খৰচৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া কোম্প‍ানীটোৱে। আৰু এই খৰচ দিনে দিনে বৃদ্ধি হোৱাৰ লগতে বিত্তীয় সংকটৰ সন্মুখীন হ'বলগীয়াত পৰিছে কোম্প‍ানীটো।

উল্লেখ্য যে, পশ্চিমৰ ফালে যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ বাহনবোৰ এতিয়া পাকিস্তানৰ বায়ুক্ষেত্র হৈ যাব নোৱাৰে আৰু এই বাহনবোৰ ইউৰোপ তথা উত্তৰ আমেৰিকা যাবলৈ দক্ষিণৰ ফালেদি অৰ্থাৎ গুজৰাটৰ ওপৰেদি আৰৱ সাগৰ পাৰ হৈ যাবলগীয়া হৈছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।