যোগীঘোপাত 'মাল্টি মডেল পাৰ্ক' প্ৰকল্পত শ্ৰমিক নিযুক্তিৰ প্ৰলোভনঃ পঞ্জীয়নৰ নামত ধন সংগ্ৰহ শ্ৰমিক সংগঠনৰ

 07/03/2019 - 11:50

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত 'মাল্টি মডেল পাৰ্ক' প্ৰকল্পত শ্ৰমিক নিযুক্তিৰ প্ৰলোভনেৰে এটি অখ্যাত শ্ৰমিক সংগঠনে একাংশ নিবনুৱাৰ পৰা পঞ্জীয়ন মাছুলৰ নামত ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ প্ৰস্তাৱিত উক্ত প্ৰকল্পত সংস্থাপন দিয়াৰ প্ৰলোভন দি অসম ৰাজ্যিক গ্ৰামীন শ্ৰমিক ফেডাৰেছন নামৰ এটি অখ্যাত সংগঠনৰ নামত স্থানীয় এটি চক্ৰই একাংশ সাধাৰণ শ্ৰেনীৰ নিবনুৱা যুৱকৰ পৰা ২৬০ টকাকৈ পঞ্জীয়ণ মাছুল সংগ্ৰহ কৰি আহিছে।

এই ধনৰ বিপৰীতে আবেদনকাৰীক মাত্ৰ ২৪ টকাৰ এখন ৰছিদ দিয়ে চক্ৰটোৱে। জানিব পৰা মতে অশোক কাগজ কলৰ সমীপত চক্ৰটোৱে শ্ৰমিক সংগঠনটোৰ এটা কাৰ্যালয় স্থাপন কৰি তাত নিবনুৱাৰ পৰা ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিদিনে যোগীঘোপাৰ উপৰি বিভিন্ন স্থানৰ একাংশ নিবনুৱা যুৱকে কৰ্মসংস্থাপন লাভৰ আশাত কাৰ্যালয়টোত ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে বিগত প্ৰায় ৩৫ বছৰ ধৰি বন্ধ হৈ থকা যোগীঘোপাৰ অশোক কাগজ কলৰ চৌহদৰ ২০০ একৰ ভূমিত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সহযোগত 'মাল্টি মডেল পাৰ্ক' নামৰ এক প্ৰকল্প স্থাপনৰ বাবে ইতিমধ্যে প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনৰ সৈতে জলপথ, স্থলপথ আৰু ৰে’লপথৰ যোগাযোগৰ সকলো সুবিধা থাকিব উপলব্ধ হ’ব পৰাকৈ চৰকাৰে উক্ত প্ৰকল্পৰ বাবে ইতিমধ্যে প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয় ধাৰ্য কৰিছে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ লগতে কেইবাটাও বিভাগৰ বিষয়াৰ এটি প্ৰতিনিধি দলে যোগীঘোপাৰ আশোক কাগজ কলৰ ভূমি পৰিদৰ্শন কৰিছে। চৰকাৰৰ প্ৰতিনিধি দলটোৱে জনোৱা মতে প্ৰস্তাৱিত এই প্ৰকল্পৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

এই প্ৰকল্প স্থাপন হ’লে যথেষ্ঠ সংখ্যক নিবনুৱাৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ’ব বুলিও প্ৰতিনিধি দলটোৱে সাংবাদিকক অৱগত কৰে। অৱশ্যে এই প্ৰকল্পৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত চৰকাৰৰ প্ৰতিনিধি দলটোৱে কোনোধৰণৰ স্পষ্ট ইংগিত প্ৰদান নকৰিলে। অভিযোগ মতে চৰকাৰৰ প্ৰতিনিধি দলটোৱে অশোক কাগজ কলৰ ভূমি পৰিদৰ্শন কৰাৰ পিছৰে পৰাই প্ৰকল্পৰ কামত শ্ৰমিক নিযুক্তিৰ অচিলাৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহত নামি পৰে চক্ৰটোৱে।

কৰ্মসংস্থাপনৰ জাল পাতি এই অসাধু চক্ৰটোৱে নিৱনুৱাৰ পৰা এনেদৰে মুকলিভাবে ধন সংগ্ৰহ কৰি থকা ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত যোগে বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে সচেতন লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।