উত্তৰ গুৱাহাটীত তীব্ৰ জল সংকটঃ অব্যাহত আছে বিদ্যুতৰ লুকাভাকু

 07/03/2019 - 12:08

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত অম্বুবাচীৰ পাছৰে পৰা সৃষ্টি হৈছে তীব্ৰ জল সংকট। যোৱা তিনি ধৰি উত্তৰ গুৱাহাটীবাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। এফালে উৎকট গৰম আনফালে পানীৰ অভাৱত গৃহিনীৰ পৰা শিশু, বৃদ্ধ সকলোৱে আহুকলীয়া পৰিস্থিতিত ছটফটাব লগাত পৰিছে। ওচৰতে ব্ৰহ্মপুত্ৰৰ ঘোলা পানী খাবলৈ বাধ্য হৈছে।

কিছু সংখ্যকে স্থানীয়ভাৱে সংগ্ৰহ কৰা পানী ক্ৰয় কৰিছে যিবোৰৰ বিশুদ্ধতা সম্পৰ্কে জনা নাযায়। জল সংকটৰ আন এটা কাৰক ঘৰে ঘৰে বহুৱা উচ্চ ক্ষমতা সম্পন্ন পানীৰ পাম্পবোৰ। যাৰ বাবে মাজে মাজে পানী আহিলেও বহুলোক পানীৰ পৰা বঞ্চিত হয়। পানী লগত সংগতি থকা বিদ্যুৎ যোগানৰ একে অৱস্থা। কেতিয়াবা বিদ্যুতৰ খুঁটা স্থানান্তৰ, কেতিয়াবা তাঁৰ সলনি, গছ কটা বিভিন্ন অজুহাতত সমগ্ৰ উত্তৰ গুৱাহাটীতে প্ৰতিদিনে ৮/৯ ঘণ্টাৰ অধিক কাল বিজুলীবিহীনভাৱে কটাব লাগে।

ফলত সকলোৱে কষ্ট ভুগাৰ লগতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলো ক্ষতিগ্ৰস্ত হৈছে। পানীযোগান ব্যৱস্থা অচল হোৱাৰ এটা মূল কাৰক অনিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থা। উত্তৰ গুৱাহাটীবাসীয়ে শীঘ্ৰে পানী যোগান, বিজুলী যোগান ব্যৱস্থা নিয়মীয়া কৰাৰ বাবে সংশ্লিষ্ট বিভাগ দুটাৰ উচ্চ পদস্থ বিষয়াসকলৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।