বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তক কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান

 07/03/2019 - 12:38

ওদালগুৰিঃ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিৰে আৰম্ভ হোৱা অনুষ্ঠানটোত উপস্থিত হয় মুখ্যমন্ত্ৰী সোনোৱাল।

উক্ত বঁটা প্ৰদান অনুষ্ঠানতে চৰকাৰী সাহায্য অবিহনে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা এজন চাহ খেতিয়ক, উদ্যমী কৃষক, মীন পালক তথা বিটিচি অঞ্চলৰ ক্ৰীড়াবিদ, সাহিত্যিক আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক এখনি ফুলাম গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ তথা ওদালগুৰি জিলাৰ অতিকে পিচপৰা ভাৰত-ভূটান সীমান্ত অঞ্চলৰ বড়ো, ৰাভা, কোচ ৰাজবংশী, আদিবাসী, মিচিং আদি বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাই অপূৰ্ব নিদৰ্শন দাঙি ধৰা হৰেকৃষ্ণ মহন্তক অসম চৰকাৰে ঘোষণা কৰা ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বটাঁ প্ৰদান কৰে।

বঁটাত আছে ৩ লাখ টকা, এখন অংগবস্ত্ৰ আৰু এখনি প্ৰশস্তি পত্ৰ। বঁটা প্ৰদানৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কালিচৰণ ব্ৰহ্মৰ সমাজ সংস্কাৰৰ কাৰণে অৱদান আগবঢ়োৱা গুৰুজনাক শ্ৰদ্ধা নিবেদি তেখেতৰ আদৰ্শ অনুসৰণ কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায়।

লগতে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ ৩ কোটি ৩০ লক্ষ জনসাধাৰণৰ সম-উন্নয়ন, সম মৰ্য্যদা প্ৰদান কৰি যাতে কাম কৰিব পাৰে তাৰ বাবে সমূহ ৰাইজক চৰকাৰখনক সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপস্থিত ৰাইজক আহ্বান জনায়।

প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থকা উক্ত বঁটা প্ৰদান অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰন বড়োৰ লগতে বিটিচি পৰিষদীয় সমষ্টিৰ কেবাজনো সদস্য উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।