নগাঁৱত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ

 07/03/2019 - 13:13

জুৰীয়াঃ জুলাই মাহ। চৰকাৰী নিয়ম মতে সম্পুৰ্ণ জুলাই মাহটো গ্ৰীষ্মকালীন বন্ধ থাকিব চৰকাৰী বিদ্যালয়সমূহ। কিন্ত বন্ধ নহয় নগাঁৱৰ সচেতন মহলৰ চিন্তা-ধাৰা। নগাঁৱৰ জুৰীয়াৰ একাংশ সচেতন ৰাইজৰ সহযোগত তিনিচুকীয়া এবি এম একাডেমীৰ উদ্যোগত মুকলি কৰা হ’ল বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ।

সোমবাৰে গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ শুভাৰম্ভ কৰে তিনিচুকীয়া এবি এম একাডেমীৰ অধক্ষ্য আইনুল হকে। প্ৰথমে দিনাই জুৰীয়া অঞ্চলৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাত সন্তষ্টি প্ৰকাশ কৰে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।