উৎকোচৰ অপৰাধত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে দুই বন বিষয়া দিগন্ত গগৈ-তৰুণ জোহৰীক

 03/19/2019 - 15:25

গুৱাহাটীঃ কেন্দ্রীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ বিষয়াক উৎকোচ দিয়াৰ অভিযােগত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল অসমৰ এজন আইএফএছ বিষয়া দিগন্ত গগৈ। দেওবাৰে নিশাৰ ভাগত চিবিআইৰ এটা দলে আন্দামান নিকোবৰত কৰ্মৰত অসমৰ বন বিষয়া দিগন্ত গগৈক প'র্ট ব্লেয়াৰৰ পৰা গ্রেপ্তাৰ কৰে। পৰিৱেশ মন্ত্রালয়ে দিয়া এক অভিযােগৰ ভিত্তিত দুর্নীতি প্রতিৰােধ আইনৰ ৮ আৰু ১২ ধাৰাত ৫/২০১৯ ৰুজু কৰা গােচৰত চিবিআইৰ দলে দিগন্ত গগৈক গ্রেপ্তাৰ কৰে।

উল্লেখ্য যে গােচৰটো সংক্রান্তত দিল্লীৰ পৰা অহা চিবিআইৰ এটা দলে শনিবাৰে নিশা প্রায় ১১.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজালৈকে ছয় ঘণ্টা ধৰি দিগন্ত গগৈৰ গুৱাহাটীৰ সুন্দৰপূৰত থকা অমৃতকুঞ্জ নামৰ এপার্টমেন্টত থকা এ১০ ফ্লেটত তন্ন তন্নকৈ তালাচী চলাই কেতবােৰ নথি-পত্র জব্দ কৰি নিছিল। শনিবাৰে গুৱাহাটীত তালাচী চলােৱাৰ পিছতে বন বিষয়া দিগন্ত গগৈক চিবিআইৰ দলে গ্রেপ্তাৰ কৰে। একেটা গােচৰত যােৱা ১৬ মার্চ পর্ট ব্লেয়াৰত মুখ্য বন সংৰক্ষক হিচাপে কৰ্মৰত আইএফএছ বিষয়া তৰুণ জোহৰীকো চিবিআইয়ে গ্রেপ্তাৰ কৰিছিল।

জানিব পৰা মতে, ২০০২ চনৰ বেটছৰ আইএফএছ বিষয়া দিগন্ত গগৈয়ে বন বিভাগৰ ঠিকা সম্পৰ্কীয় বিবেচনাধীন হৈ থকা কামৰ অনুমােদনৰ বাবে পৰিৱেশ মন্ত্ৰালয়ৰ এজন বিষয়াক উৎকোচ দিছিল। এই কামত দিগন্ত গগৈয়ে বন্ধু তৰুণ জোহৰীৰ সহায় বিচাৰিছিল। সেইমর্মে জোহৰীয়ে দিগন্ত গগৈৰ হৈ বিষয়াজনক ১০ হাজাৰ টকা দিছিল। পৰৱৰ্তী সময়ত দিগন্ত গগৈয়েও বিষয়াজনক ১০ হাজাৰ টকা উপঢৌকন দিয়ে।

এই সন্দৰ্ভত বিষয়াজনে শীর্ষ মহলক অৱগত কৰে। শীর্ষ মহলৰ পৰামৰ্শৰ্মৰ্মে দিল্লীৰ চিবিআইৰ কাৰ্যালয়ত বিষয়টো সন্দৰ্ভত অভিযােগ দাখিল কৰা হয়। এই অভিযােগৰ বিপৰীতে তদন্ত কৰাৰ অন্তত চিবিআয়ে দুই আইএফএছ বিষয়া তৰুণ জোহৰী আৰু দিগন্ত গগৈক গ্রেপ্তাৰ কৰে। গ্রেপ্তাৰৰ পুর্বে চিবিআইৰ দলে জোহৰীৰ দিল্লীৰ বাসগৃহ আৰু দিগন্ত গগৈৰ গুৱাহাটী আৰু প'র্ট ব্লেয়াৰৰ বাসগৃহত তালাচী চলায়।

শনিবাৰে নিশা জোহৰীক গ্ৰেপ্তাৰ কৰাৰ পিছদিনা চি বি আয়ে আদালতত হাজিৰ কৰায়। আদালতে জোহৰীক ১৯ মার্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, আজি ট্রেনজিট ৰিমাণ্ডত পর্ট ব্লেয়াৰৰ পৰা ২ দিনৰ বাবে সােধা-পােছা কৰিবলৈ দিল্লীস্থিত চিবিআইৰ কার্যালয়লৈ অনা হয়। উল্লেখ্য যে দিগন্ত গগৈয়ে পুর্বতে অৰুণাচল প্রদেশত সহকাৰী বন সংৰক্ষক হিচাপে কার্যনির্বাহ কৰিছিল। গগৈ কেন্দ্রীয়শাসিত অঞ্চলৰ কেডাৰ হিচাপে অসমৰ বাহিৰৰ ৰাজ্যৰ বন বিভাগত তেওঁ কার্যনির্বাহ কৰি আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।