গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

 07/03/2019 - 13:44

ডিজিটেল ডেস্কঃ গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক, এই কথা সদৰি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এনআৰচিত নাম বাদ পৰিলেও এতিয়া কোনো চিন্তা নাই কাৰণ এনআৰচিত নাম নাথাকিলেও নাগৰিকত্ব লাভ কৰিব পাৰিব হিন্দু বাংলাদেশীয়ে। অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিব বুলি সাংসদৰ মজিয়াত স্পষ্টভাৱে উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। লগতে তেওঁ এই কথাও জনায় যে অন্য ৰাজ্যতো ইতিমধ্যে এনআৰচিৰ কাম আৰম্ভ কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যত দীৰ্ঘদিন ধৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাক লৈ যি ব্যাপক প্ৰতিবাদ মুখৰ পৰিৱেশ সৃষ্টি হৈ আহিছে সেই সমূহক নস্যাত কৰি পুনৰ কেন্দ্ৰীয় চৰকাৰখনে কেব গৃহিত কৰিবলৈ উঠি পৰি লাগিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।