বিশ্বকাপৰ বা-বতৰা

 07/03/2019 - 14:12

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৪০ সংখ্যক মেচত ভাৰতে পৰাস্ত কৰিছে বাংলাদেশক। প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ৩১৪ ৰান কৰে।

বাংলাদেশে ৪৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৬ ৰান কৰে। ২৮ ৰানৰ ব্যৱধানত জয়ী হয় ভাৰতীয় দলটো। ৯২ টা বলত ৫টা ৬, ৭টা ৪ ৰে সৰ্বমুঠ ১০৪ ৰান কৰি ৰোহিত শৰ্মা কালিৰ মেচত মেন অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে।

আজি আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ৪১ সংখ্যক মেচ অনুষ্ঠিত হ’ব ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা চেষ্টাৰ-লে-ষ্ট্ৰীটৰ ৰিভাৰছাইড গ্ৰাউণ্ড খেলপথাৰত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।