সদনত আজি মহিলা সুৰক্ষাৰ কথা উত্থাপিত কৰিলে জয়া বচ্চনে

 07/03/2019 - 14:45

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনে মহিলা সুৰক্ষাকলৈ বুধবাৰে এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। তেখেতে কয় যে মহিলাসকলৰ লগত জড়িত বিভিন্ন অপৰাধমূলক ঘটনা দিনক দিনে বাঢ়িবলৈ ধৰিছে।

ভাৰতত ইতিমধ্যে যৌতুকৰ বাবে হত্যা, বলাৎকাৰ, উৎপীড়ন, শাৰীৰিক নিৰ্যাতন আদিৰ দৰে বিভিন্ন ঘটনা বাঢ়িবলৈ লৈছে বুলি প্ৰকাশ কৰি এই সমূহৰ সঠিক ব্যৱস্থা কৰাৰ লগতে উচিত তদন্ত কৰাৰ কথা উল্লেখ কৰে।

লগতে বৃদ্ধি পোৱা শিশু অপহৰণৰ দৰে ঘটনাসমূহো গভীৰ চিন্তাৰ কাৰণ হৈছে বুলি প্ৰকাশ কৰে সাংসদ বচ্চনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।