মানকাচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

 07/03/2019 - 15:04

মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত যোৱা কেইবা মাহ ধৰি বিদ্যুতৰ লুকাভাকুৱে সৰ্ব সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। যাৰ পৰিপ্ৰেক্ষিতত মানকাচৰৰ এগৰাকী সমাজ কৰ্মী ৰুকুনৰ জামান, লাবলুৰ নেতৃত্বত আজি মনকাচৰত এক বিশাল গণ বিক্ষোভ আৰু গণ মিছিলৰ আয়োজন কৰি প্ৰতিবাদ সাবস্ত কৰে।

মানকাচৰবাসীয়ে অশোকাষ্টমী মেলা ফিল্ডৰ পৰা মানকাচৰ বিদ্যুতৰ কাৰ্যালয়লৈকে এক বিশাল সমদল উলিয়ায়। বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুতৰ মন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, ২৪ ঘণ্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰক আদি শ্লোগানেৰে মানকাচৰৰ আকাশ বতাহ উত্তাল কৰে।

পিছত বিভাগীয় এছডিঅ’ৰ জৰিয়তে মুখ্যমন্ত্ৰী, বিদ্যুৎ মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ এখন ম্মৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।