আমগুৰিঃ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী মুর্দাবাদ, কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী ৰতনলাল কাটাৰীয়া মুর্দাবাদ, মিছলীয়া নৰেন্দ্ৰ মোডী মুর্দাবাদ, নিমাতী কইনা সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী তোলে।
অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে। প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা, দুলাল কলিতা, সম্পাদক সীমান্ত গগৈ, আমগুৰি আঞ্চলিকৰ সভাপতি পল্লৱ শইকীয়া, সম্পাদক ৰবীন হাজৰিকা, ৰণ্টু শইকীয়া, বৰাহী বাৰী আঞ্চলিকৰ দেৱৰাজ তামুলী উপস্থিত থাকে।