07/03/2019 - 15:48
in
নলবাৰীঃ নলবাৰীত উদযাপন কৰা হয় ৭০ সংখ্যক বন মহোৎসৱ। নলবাৰী সামাজিক বনানীকৰণ বিভাগৰ সৌজন্যত ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপিত হ’ব এই বন মহোৎসৱ। এই বন মহোৎসৱ উপলক্ষ্যে আজি এক সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা সম্পৰ্কে সজাগ কৰা হয়।
এইদৰে অনুষ্ঠিত সজাগতা সভাত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে বন বিভাগৰ বন এম্বেচাদৰ আনন্দ খাটনিয়াৰ, ডিএফঅ অহেৰ আলি, শিক্ষা বিষয়া সীমান্ত ডেকা আৰু বিজয় বৈষ্ণৱ উপস্থিত থাকে। প্ৰভাত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিৱেশ প্ৰদূষণ সম্পৰ্কেও আলোচনা কৰা হয়। ইপিনে সভাৰ অন্তত কেইবাহাজাৰ গছপুলি বিতৰণ কৰা হয়।