চিনেমা পৰিচালক নিপন ধলুৱাক সম্বৰ্ধনা ঐক্য সেনা অসমৰ

 07/03/2019 - 15:58

উত্তৰ গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ জগতৰ সুদক্ষ পৰিচালক, জ্যেষ্ঠ সমাজসেৱক নিপন ধলুৱাই চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে অসমীয়া চিনেমা উদ্যোগটোলৈ নিৰৱচিন্নভাৱে আগবঢ়োৱা অৱদানৰ বাবে ঐক্য সেনা অসম আৰু শুভাকাংক্ষীৰ তৰফৰ পৰা কেইদিনমান আগতে বিশেষভাৱে অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এনবিডিকে প্ৰডাকচনৰ বেনাৰত বিগত বৰ্ষত নিৰ্মিত নিপন ধলুৱাৰ জনপ্ৰিয় চিনেমা মি এণ্ড মাই চিষ্টাৰ, মৰীচিকা, প্ৰত্যাহ্বান, কামিং চুন নামৰ এই চাৰিওখন চিনেমাই চিত্ৰপ্ৰেমী ৰাইজক বিশেষ বাৰ্তা দিয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।

অসমৰ কৃষ্টি-সংস্কৃতি উত্তোৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰখাৰ বাবে তেখেতৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি স্বীকৃতি স্বৰূপে জাপি, ফুলাম গামোছা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনাই ঐক্য সেনা অসম আৰু শুভাকাংক্ষীয়ে।

উল্লেখ্য যে পৰিচালক নিপন ধলুৱাৰ কাহিনী আৰু পৰিচালনাৰে পঞ্চমখন ব্যতিক্ৰমধৰ্মী অসমীয়া চিনেমা এই বৰ্ষতে মুক্তি লাভ কৰিব। এই সম্বৰ্ধনা অনুষ্ঠানতে পৰিচালকগৰাকীয়ে 'I HATE MY SCHOOL’ নামৰ চিনেমা এখন চলিত বৰ্ষত মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।