বৰপেটাৰ ফিঙুৱাত  মাছ উৎপাদনকাৰী কৃষক সংস্থাৰ শুভ উদ্বোধন

 07/03/2019 - 16:04

জনীয়াঃ নাবাৰ্ভৰ উদ্যোগত আৰু পাকা আঞ্চলিক ৰুৰেল ডেভেলপমেণ্ট এচ’ছিয়েচনৰ সহযোগত মঙ্গলবাৰে বৰপেটাৰ ফিঙুৱা মিল চকত পাকা আঞ্চলিক ফিচ ফাৰ্মাৰ্চ প্ৰডিউচাৰ অৰ্গেনাইজেচনৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৰ্গেনাইজেচনখন শুভ উদ্বোধন কৰে বৰপেটা জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চন্দ্ৰ চহৰীয়াই। উদ্বোধনী ভাষণত তেখেতে কয় যে মৎস্য খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি সন্তোষ অনুভৱ কৰে। সেইয়ে তেখেতে যধে মধে মাছ পালন নকৰি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি অধিক উৎপাদন কৰিবলৈ আহ্বান জনায়।

তেখেতে ভাষণত উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক ভালকৈ অধ্যয়ন কৰি জীৱন গঢ়িবলৈ আহ্বান জনায়। পাকা আঞ্চলিক ফিচ ফাৰ্মাৰ্চ প্ৰডিউচাৰ অৰ্গেনাইজেচনৰ সম্পাদক আব্দুছ ছাত্তাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত। মুখ্য অতিথি হিচাপে বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে দেশৰ কৃষকসকলৰ আৰ্থিক উন্নয়ন লৈ দেখা স্বপ্ন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ সহযোগিতা কামনা কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা কৃতী ছাত্ৰ-ছাত্ৰী গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কাৰ্যসূচী শুভাৰম্ভ কৰে।

ইয়াৰ পাছত ৯ গৰাকী কৃতি ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত অতিথি হিচাপে নাবাৰ্ভৰ বৰপেটাৰ ডিডি এম শ্যামল কুমাৰ দে, বৰপেটা কে ভি কে প্ৰধান তথা জ্যেষ্ঠ বৈজ্ঞানিক ড অৰুপ কুমাৰ ডেকা,ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত খেতিয়ক শ্বাহাদত হুছেইন, জনীয়াৰ সাংবাদিক মইনুল হক চৌধুৰী,৩ নং উত্তৰ পাকা গাঁও পঞ্চায়তৰ সভাপতি মোতালেব আলী, কেভিকেৰ এচ এম এচ কুলদ্বীপ তালুকদাৰ আদিকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।