বৰপথাৰত পথ দুর্ঘটনাঃ আহত মাতৃ-কন্যা

 07/03/2019 - 16:46

সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত সংঘটিত হয় এক পথ দুর্ঘটনা। নিজ কৰ্তব্য সম্পাদনাৰ্থে কন্যাক স্কুটীত উঠাই কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত একে দিশৰ পৰা তীব্ৰ বেগত অহা এখন পালচাৰ বাইকে খুন্দিওৱাৰ ফলত পকী পথৰ ওপৰত চিটিকি পৰে মাতৃ-কন্যা। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাতৃ-কন্যা দুয়ো।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকী বৰপথাৰস্থিত প্ৰণৱ বিদ্যাপীঠৰ শিক্ষয়িত্রী মমী দে সন্দিকৈ আৰু তেওঁৰ কন্যা তথা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী চিম্পী সন্দিকৈ। গুৰুতৰভাৱে আঘাত প্ৰাপ্ত মাতৃ-কন্যা দুয়োকে উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে চিকিৎসকে। দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইকখনৰ নম্বৰ হ'ল AS 05K 7195।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।