ছয়গাঁৱৰ কৈমাৰীত চিলিণ্ডাৰ বিস্ফোৰণ

 07/03/2019 - 17:20

ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁও কৈমাৰীত চিলিণ্ডাৰ বিস্ফোৰণ। বুধবাৰে দুপৰীয়া সুমিত্ৰা দাস নামৰ দৰিদ্ৰ বিধৱা মহিলাগৰাকীৰ ঘৰত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। লগে লগে ঘৰটো জুয়ে ছানি ধৰে।

পিছত অগ্নি নিৰ্বাপক বাহিনী আৰু ছয়গাঁও আৰক্ষী আহি ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে সুমিত্ৰা দাসৰ পুত্ৰ কৰুণা দাস সামান্য পৰিমাণে আহত হয়। ঘৰটোৰ ভিতৰত থকা সা-সম্পত্তি জুইত জাহ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।