উত্তৰ গুৱাহাটীৰ যোগনিলয়ম কেন্দ্ৰত যােগ প্ৰশিক্ষণ

 07/03/2019 - 17:26

গুৱাহাটীঃ সেৱা ভাৰতী, পূৰ্বাঞ্চল যোগ বিভাগৰ উদ্যোগত আৰু "যোগ বিদ্যা গুৰুকুল নাচিকৰ সহযোগত" যােগ প্ৰশিক্ষণ চলি আছে। ১ জুলাইৰ পৰা ২৭ জুলাই (২০১৯) লৈ এক যোগ শিক্ষক পদবীৰ বৰ্গ 'DIPLOMA IN YOGA EDUCATION' (D.Y.Ed) পাঠ্যক্ৰম আৰম্ভ হৈছে উত্তৰ গুৱাহাটীৰ যোগনিলয়ম কেন্দ্ৰত। যোৱাকালি সন্ধিয়া যোগ বৰ্গটিৰ শুভাৰম্ভ কৰা হয়। প্ৰথমে বন্তি প্ৰজ্বলন আৰু পৰিচয় পৰ্ব অনুষ্ঠিত হয়।

শুভাৰম্ভ অনুষ্ঠানটিত ভাষণ দিয়ে সেৱা ভাৰতীয়, পূৰ্বাঞ্চল অসম ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক সুৰেন্দ তালখেকৰে। যোগৰ জৰিয়তে সু-স্বাস্থ্য অৰ্জন কৰিবলৈ তেওঁ সকলােকে আহ্বান জনায়। যোগ বৰ্গৰ উদ্ধোধনী সমাৰোহত ডঃ অৰুণ কুমাৰ বেনাৰ্জি, ডঃ ডনি ৰিয়াং, মনোজ মাহন্তি উপিস্থিত থাকে। কাৰ্যক্ৰমটি সঞ্চালনা কৰে প্ৰান্ত যোগ প্ৰমুখ্য শ্ৰীধনঞ্জয় চুতীয়াই।

প্ৰশিক্ষণ বৰ্গত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ২৯ জন। ইয়াৰে ১৫জন পুৰুষ আৰু ১৪ গৰাকী মহিলা শিক্ষাৰ্থী। উক্ত প্ৰশিক্ষণ বৰ্গত মুঠ ৫ খন ৰাজ্যৰ ১৪ গৰাকী জিলা প্ৰতিনিধিয়ে ভাগ লৈছে। ৰাতিপুৱা ৪ বজাৰ পৰা ৰাতি ১০ বজালৈকে বিভিন্ন কাৰ্যক্ৰমেৰে বৰ্গটি চলি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.