আমগুৰি বৰুৱাপুখুৰীত মাতৃৰ প্ৰতি পুত্ৰৰ বদান্যতা

 07/03/2019 - 17:36

আমগুৰিঃ জীৱিত অৱস্থাতে নিজ মাতৃৰ নামত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক জলপাণি প্ৰদান কৰে এগৰাকী পুত্ৰই৷ আমগুৰিৰ বৰুৱাপুখুৰীৰ দেৱজ্যোতি গগৈয়ে মাতৃ মালিকী গগৈৰ নামত মঙলবাৰে ছাত্ৰ-ছাত্ৰীক জলপাণি প্ৰদান কৰে৷ বৰুৱাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংছনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিপাশা বৰাক নগদ ২০ হাজাৰ মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে।

বৰুৱাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰতিবছৰে প্ৰথম বিভাগত উত্তীৰ্ণক নগদ ১০ হাজাৰ, ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণক নগদ ১৫ হাজাৰ আৰু ডিষ্টিংছনসহ সুখ্যাতিৰে উত্তীৰ্ণক নগদ ২০ হাজাৰকৈ প্ৰদান কৰিব বুলি মালিকী গগৈৰ পুত্ৰ দেৱজ্যোতি গগৈয়ে প্ৰকাশ কৰে। উল্লেখ্য যে অঞ্চলটোৰ এজন বিশিষ্ট সমাজকৰ্মী, শিক্ষক তথা টিচাৰচ্ ফ'ৰামৰ কোষাধ্যক্ষ দেৱজ্যোতি গগৈয়ে মাতৃৰ জীৱিত অৱস্থাতে পুত্ৰৰ এনে বদান্যতাক সকলোৱে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।