ফেচবুকত আলফাক সমৰ্থন কৰি আটক যুৱতী

 07/03/2019 - 17:42

ডিজিটেল ডেস্কঃ ফেচবুকত আলফাৰ সমৰ্থনত প’ষ্ট দি আৰক্ষীৰ জালত পৰিল মুনমী বৰগোহাঁই নামৰ এগৰাকী যুৱতী৷ যুৱতীগৰাকীৰ ঘৰ হাঁহচ’ৰাৰ গোমোঠাত৷ শিৱসাগৰত আটক কৰা হৈছে মুনমীক। উল্লেখ্য যে আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট কৰা বাবে ONGCৰ বিষয়া জ্ঞানদীপ গগৈক যোৱা ২৬ জুনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷

শিৱসাগৰ থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ৫৬৩/১৯ নম্বৰৰ গোচৰ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতে আছে জ্ঞানদীপ গগৈ। এই জ্ঞানদীপ গগৈকে সমৰ্থন কৰি ফেচবুকত প’ষ্ট দিছিল যুৱতীগৰাকীয়ে। ধৃত মুনমী বৰগোহাঁই ONGCৰ এবছৰীয়া প্ৰশিক্ষাৰ্থী। মুনমীক শিৱসাগৰ থানাত জেৰা অব্যাহত ৰখা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।