কামপুৰঃ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে কামপুৰৰ প্ৰৱীন বিজেপি কৰ্মী হৰেণ গোহাঁইয়ে। জাপানীজ এনকেফেলাইটিজে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰন কৰা তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই। জাপানীজ এনকেফেলাইটিজ ৰোগে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰন কৰাত মৃত্যু হৈছে ইজনৰ পাছত সিজনকৈ লোকৰ৷ এই ৰোগত আক্ৰান্ত হৈ মংগলবাৰে বিয়লি মৃত্যু হয় কামপুৰ উত্তৰ চাংচকী গাঁৱৰ হৰেণ গোহাঁই নামৰ প্ৰবীন বিজেপি কৰ্মীগৰাকীৰ। যোৱা কিছুদিন ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল হৰেণ গোঁহাই।
প্ৰবীন বিজেপি কৰ্মীগৰাকীৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে শোকত ভাগি পৰে পৰিয়াল তথা কামপুৰ অঞ্চলৰ ৰাইজ। অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷ ইফালে জাপানীজ এনকেফেলাইটিজ ৰোগে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰন কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই। তেওঁ চৰকাৰৰ সদিচ্চাৰ অভাৱৰ লগতে চৰকাৰে ধোঁৱা, ঔষধ যোগান ধৰা নাই বুলি কয়। চৰকাৰ আৰু বিভাগে একো পদক্ষেপ ল’ব পৰা নাই। এনকেফেলাইটিজ নিৰাময়ত উচ্চমানৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই আৰু চৰকাৰখনে গাদী ৰক্ষাৰ স্বাৰ্থত কাম নকৰি গাদী ৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে বুলি মন্তব্য কৰে।