07/03/2019 - 19:28
in
যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত চলন্তাপাৰাৰ বিজেপি নেতা দীপাংকৰ কলিতাৰ ঘৰত চোৰে চলালে অভিযান। আজি দিন দুপৰতে চোৰে চুৰি ঘটনা সংঘটিত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিৰ নেতা দীপাংকৰ কলিতা আৰু তেওঁৰ পত্নী ঘৰত নথকাৰ সুযোগ লৈ ঘৰৰ পিছফালে দেৱাল পাৰ হৈ চোৰে ঘৰত প্ৰৱেশ কৰি লুট পাত কৰি নিয়ে৷
প্ৰায় ৩-৪ লক্ষাধিক টকাৰ সোণৰ গহনা চোৰে লুট কৰে। এফালে দীপাংকৰৰ মাতৃ উক্ত গাঁওখনৰ আন এঘৰত নাম-প্ৰসংগ কৰি উভতি আহি ঘৰৰ সামগ্ৰীবোৰ চেদেলি-ভেদেলি হৈ থকা দেখি হুলস্থুল কৰাত প্ৰতিবেশী লোক গোট খোৱাত দিন-দুপৰতে চুৰি কাৰ্য সংঘটিত হোৱাৰ বিষয়টো পোহৰলৈ আহে৷ পিছত ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷