07/03/2019 - 19:35
in
নাজিৰাঃ শিৱসাগৰ জিলাৰ নাজিৰাৰ সৌকাজান সত্ৰৰ এজন ব্যক্তি৷ তেওঁৰ নাম অমৃত মহন্ত। সুদীৰ্ঘ দুই বছৰ ধৰি কাঠত খোদিত কৰি আহিছে মহাপুৰুষজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ৷ এই বৃন্দাবনী বস্ত্ৰভাগত মহন্তই হুবহু চিত্ৰ অংকণ কৰি তুলিছে। জনসাধাৰণ তথা ৰাইজৰ কাৰণেই নিৰ্মাণ কৰি কাঠত খোদিত কৰিছে বৃন্দাবনী বস্ত্ৰ। পোন প্ৰথমবাৰ বাবে অসমত দীঘে ১৩ফুট প্ৰস্থই ১৩ফুট পৰ্যন্ত এই বৃন্দাবনী বস্ত্ৰ ভাগ নিৰ্মাণ কৰি উলিয়াইছে অমৃত মহন্তই।
জনসাধাৰণৰ কাৰণে অমৃত মহন্তই অৰ্পণ কৰিব ৰাজ্য চৰকাৰক। আগন্তুক ২০২০ বৰ্ষৰ ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্য চৰকাৰক অৰ্পণ কৰিব এই বৃন্দাবনী বস্ত্ৰ ভাগ। বৃন্দাবনী বস্ত্ৰ ভাগ ৰাজ্য চৰকাৰক অৰ্পণৰ কাৰণে বিশেষভাৱে সঁহাৰি জনাই শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণনে।