কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়ত আজি ৭০ সংখ্যক বন মহোৎসৱ উদযাপন কৰা হয়৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰোপন কৰা হয়৷ ডুমডুমা সংমণ্ডলৰ অধীনত এই বৰ্ষত তিনিদিনিয়াকৈ এই বন মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি বন সংমণ্ডলৰ জ্যেষ্ঠ বিষয়া ভাস্কৰজ্যোতি বৰগোহাঁইয়ে জানিবলৈ দিয়ে৷
এক জুলাইৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী মতে প্ৰথম দিনা শদিয়া আঠমাইলৰ পৰা চুনপোৰালৈ ডঃ ভূপেন হাজৰিকা সেতু পথত প্ৰায় দুশ গছ পুলি ৰোপন, দ্বিতীয় দিনা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলসমূহত গছপুলি ৰোপন কৰাৰ লগতে আজি অন্তিম দিনা কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়ত এই কাৰ্যসূচী হাতত লয়৷
মহাবিদ্যালয়খনৰ অধ্যক্ষা জানমনি দুৱৰাই এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গছপুলিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব লাগিব বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য যে চৰকাৰে ৰাজ্যত বনজ সম্পদেৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে এনে ধৰণৰ কাৰ্যসূচী হাতত লৈ থকাৰ মাজতে তিনিচুকীয়া জিলাত অব্যাহত থকা বনজ সম্পদৰ অবৈধ ৰমৰমীয়া বেহাই বিশেষ তাৎপৰ্যবহন কৰিছে৷
এই বিষয়ে কৰা প্ৰশ্নত বন বিষয়াৰ পৰা আশানুৰুপ উত্তৰ পোৱা নগ’ল৷ মহাবিদ্যালয়ত গছপুলি ৰোপনৰ লগতে এখন সজাগতা সভাও অনুষ্ঠিত হয়৷ উক্ত সভাত কাকপথাৰ প্ৰেছ ক্লাৱৰ সদস্যসকল, অসম মৰান সভাৰ কাকপথাৰ আঞ্চলিকৰ সভাপতি প্ৰভাত মৰানকে ধৰি কেইবাগৰাকীও গন্যমান্য ব্যক্তিয়ে বন সংৰক্ষনৰ ওপৰত নিজৰ নিজৰ মত প্ৰকাশ কৰে৷ এই কাৰ্যসূচীত ডুমডুমা আঞ্চলিক বন বিভাগৰ মহিলা বিষয়া ৰিংকুমনি বৰাও উপস্থিত থাকে৷ সম্পূৰ্ণ কাৰ্যসূচীত বিজেপি যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওগে সহযোগিতা আগবঢ়ায়৷