হাইদৰাবাদ আইআইটিত ছাত্ৰৰ আত্মহত্যা

 07/03/2019 - 19:47

ডিজিটেল ডেস্কঃ হাইদৰাবাদ আইআইটিৰ ছাত্ৰই আৱাসী কোঠাত ফেনত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফেনত ওলমি থকা অৱস্থাত আন ছাত্ৰই মৃতদেহটাে প্ৰত্যক্ষ কৰে। ডিজাইনিঙৰ স্নাতকােত্তৰ ছাত্ৰ মাৰ্ক এণ্ড্ৰু চাৰ্লছ উত্তৰ প্ৰদেশৰ বাৰানসীৰ নাৰিয়া লংকাৰ নিবাসী আছিল। ২০ বছৰীয়া ছাত্ৰজনে মঙলবাৰে শ্ৰেণীকক্ষলৈ নহাত তেওঁৰ বন্ধুৱে দুপৰীয়া কােঠাৰ সমুখলৈ গৈ বহুবাৰ মতা স্বত্বেও মাৰ্ক এণ্ড্ৰু চাৰ্লছে দুৱাৰখন খুলি নিদিয়াত সন্দেহবশতঃ কােঠাৰ দুৱাৰখন ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে আৰু ফেনত ওলমি থকা অৱস্থাত ছাত্ৰজনক প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়।

পিছত আৰক্ষীক অৱগত কৰােৱাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটােৰ লগতে এখন চুইছাইড নােট উদ্ধাৰ কৰে। চুইছাইড নােটত একাংশ বন্ধুৰ নাম উল্লেখ কৰিছিল মৃত ছাত্ৰজনে। 'মই আৱৰ্জনাৰ বাহিৰে একাে নহয়' বুলি লিখি থোৱা এখন ডায়েৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। হাইদৰাবাদ আইআইটিৰ এইটাে দ্বিতীয় আত্মহত্যাৰ ঘটনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।