লংকাঃ সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি পদত নিযুক্তি দিয়া হ’ল চিৰাং জিলাৰ মনোৰঞ্জন কোচক। সম্পাদক পদত নিযুক্ত হ’স ওদালগুৰি জিলাৰ নৱজ্যোতি কোচ৷ ৩১ জনীয়া সদস্য লৈ গঠন হয় নতুন কমিটি। ২বছৰীয়া কাৰ্যকাল হোৱাকৈ নিৰ্বাচিত হৈছে নতুন কমিটি। হোজাই জিলা কাকী ডেৰাপথাৰ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত গঠন হয় নতুন কমিটি। উক্ত সভাত নতুন কমিটিয়ে কাৰ্যভাৰ গ্ৰহণ কৰা লগতে সদৌ অসম কোচ সন্মিলনীৰ সভাপতি প্ৰভাস কোচে শপত পাঠ কৰায়। বুধবাৰে অনুষ্ঠিত হোৱা কোচ সন্মিলনিত ৪খন কমিটি ক্ৰমে সদৌ অসম কোচ সন্মিলন, সদৌ অসম কোচ মহিলা এছচিয়েচন, সদৌ অসম কোচ ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ সাহিত্য সভাই অংশগ্ৰহণ কৰে। বিগত বছৰত কোচসকলক ৰাজবংশী হিচাপে চৰকাৰে চিনাক্ত কৰি প্ৰমাণপত্ৰ দি আহিছে।
আচলতে কোচসকল ৰাজবংশী নহয় বুলি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। ২০১১ চনৰ পৰা চৰকাৰে কাৰোবাৰ পৰিচালনাত পৰি চৰকাৰে কোচসকলক ৰাজবংশী কৰি জাতিটোক প্ৰৱঞ্চনা কৰি আহিছে। সংবাদ মাধ্যম যোগেদি সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰক দৃষ্টিগোচৰ কৰিছে আজি সাধাৰণ সভাই৷ পৰৱৰ্তী সময়ত কোচসকলক কোচ হিচাপে প্ৰমাণ পত্ৰ দিবলৈ অনুৰোধ জলায় সংবাদ মেলৰ যোগেদি। আজিৰ এই সাধাৰণ সভাতেই সদৌ অসম কোচ যুৱ পৰিষদ নামে এক নতুন সংগঠনৰ জন্ম হয়। এই নতুন কোচ যুৱ পৰিষদৰ সন্মানীয় সভাপতি নিযুক্তি হয় পৰাগ কোচ আৰু কাৰ্যকাৰী সভাপতি হিচাপে নিযুক্তি অনুপম কোচ।
লগতে যুৱ পৰিষদৰ নৱনিযুক্ত সম্পাদক হিচাপে নিযুক্ত হ’ল ধীৰেন কোচ। নতুনকৈ হোৱা কোচ যুৱ পৰিষদে আগন্তুক কোচসকলৰ উন্নয়ন হকে জাতিটোক আগুৱাই লৈ যোৱা পৰিকল্পনা যুগুত কৰে। কোচসকলৰ হকে মাত মাতিবলৈ সাংসদ তপন কুমাৰ গগৈৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক কোচসকলৰ প্ৰতিনিধিত্ব কৰিবলৈ অনুৰোধ কৰে৷ সদৌ অসম কোচ ছাত্ৰ সন্থাৰ বৰ্ধিত সভাত অসমত বাস কৰা কোচসকলক কোচ হিচাপে obc প্ৰমাণপত্ৰ দিবলৈ অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰে নতুন কমিটিখনে৷