ধনশিৰিঃ ধনশিৰি মহকুমাৰ নাওজানস্থিত বনবিভাগৰ কাৰ্যালয়ৰ অধীনৰ অসম-নগালেণ্ড সীমান্তৰ চুঙাজান নাওঘাটত থকা অস্থায়ী বনবিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বৃহৎ এলেকাৰ সংৰক্ষিত বনাঞ্চলৰ মাটি সন্দেহজনক নাগৰিকক বেদখলৰ বাবে স্বয়ং বন বিভাগৰ একাংশ লোকেই সুবিধা কৰি দিয়াৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
অভিযোগ অনুসৰি উক্ত সংৰক্ষিত বনাঞ্চলখনত থকা বৃহৎ বৃহৎ গছ-গছনিসমূহ কাটি পেলোৱাৰ লগতে বনাঞ্চলখনৰ ভূমিও কোনো দুষ্ট চক্ৰই বিক্ৰী কৰাৰ অভিযোগো উত্থাপিত হৈছে৷ এনেবোৰ কাৰ্য দেখিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত শিবিৰটোৰ দ্বায়িত্বত থকা বিভাগীয় লোক সমগ্ৰ বিষয়টোত জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে চুঙাজানৰ বিভিন্ন মহলে৷
উক্ত বিষয়টোৰ সম্পৰ্কত এক উচ্চস্তৰৰ তদন্ত কৰিবৰ বাবে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ লগতে জিলা বনবিষয়ালৈ আজি চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰা হৈছে৷ উক্ত কুকাৰ্যটোত বনবিভাগৰ একাংশৰ লগতে দালাল চক্ৰ এটা জড়িত হৈ আছে বুলিও এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াই৷