নগাঁওঃ নগাঁও জিলা আৰক্ষী বিভাগৰ উদ্যোগত নগাঁও আৰক্ষী নিৱেশৰ সভাগৃহত আজি অনুষ্ঠিত এক অনুষ্ঠানত নগাঁও জিলাত কৰ্মৰত আৰক্ষীৰ বিষয়া, জোৱান আৰু কৰ্মচাৰীসকলৰ কৃতী ছাত্র-ছাত্রীসকলক সম্বৰ্ধনা জনোৱা হয়। চলিত বৰ্ষৰ উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক ফুলাম গামোচা, মানপত্র আৰু নগদ ধনৰে সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানত অংশগ্ৰহন কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয়-গোটেই জীৱনটোয়েই এক পৰীক্ষা। এই পৰীক্ষাত কেতিয়াবা কোনোবা বিফল হ'ব পাৰে। তাতে কোনেও চিন্তিত নহৈ আগবাঢ়ি যাব লাগে। তেওঁ লগতে উল্লেখ কৰে, কৃতকাৰ্যই মানুহক যিমান শিকায়, তাতকৈ বেছি শিক্ষা দিয়ে অকৃতকাৰ্যই। সেয়ে অকৃতকাৰ্যক প্ৰেৰণাৰ উৎস হিচাপে গণ্য কৰি আগবাঢ়ি যাব লাগে। এই অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতা, উপ-আৰক্ষী অধীক্ষক মানস শইকীয়া, জন দাস, ৰুমিৰ তিমুংপিকে ধৰি নগাঁও জিলাৰ বহু সংখ্যক আৰক্ষীৰ লোক উপস্থিত থাকে।