লোকসভা নিৰ্বাচনৰ পূৰ্বে কোনে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

 03/19/2019 - 20:18

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সাক্ষাৎ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক৷ শৰ্মাৰ সৈতে আছিল তুলিৰাম ৰংহাং আৰু হৰেনসিং বে’৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ১০ মিনিট সময় আলোচনাত মিলিত হয় প্ৰধান মন্ত্ৰীৰ মোডীৰ লগত৷ কিন্ত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কোনো মন্তব্য আগনৱঢ়ালে হিমন্ত বিশ্বই।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰে হিমন্ত বিশ্বৰ সাক্ষাৎ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীক লৈ প্ৰধানমন্ত্ৰীক সেই বিষয়ে হিমন্ত বিশ্বই অৱগত কৰে সাক্ষাৎকাৰত। তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলক লৈ অসন্তুষ্ট হৈছিল প্রধানমন্ত্ৰী। তাৰপাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম কৰ্তন কৰা হৈছিল প্ৰাৰ্থীৰ পেনেলৰ পৰা।

কোনো এটা সমষ্টিতেই নিৰ্বাচন খেলিব নালাগে বুলি বিজেপি নেতৃত্বই জনাই দিছিল হিমন্ত বিশ্বক। কাৰ্বি আংলঙৰ দুই নেতাই এখন স্মাৰকপত্ৰ দিবলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা সদৰি কৰিলে হৰেনসিং বে’য়ে। কাৰ্বিআংলং আৰু ডিমা হাছাও সন্দৰ্ভত বিজেপিয়ে নতুন ৰণকৌশল লোৱাৰ সম্ভাৱনা। ইতিমধ্যে কংগ্ৰেছে এই সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী বীৰেনসিং ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।