ওদালগুৰিৰ গৰমপাৰাত বাঁহৰ খুঁটাৰে বিদ্যুৎ সেৱা

 07/04/2019 - 13:16

গোৰেশ্বৰঃ চৰকাৰ পৰিৱৰ্তন হ’ল পৰিৱৰ্তন নহ’ল জনতাৰ দুৰৱস্থাৰ। উন্নয়নে ঢুকি পোৱা নাই গৰমপাৰা বাসীক। চৰকাৰৰ ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আচনিয়েও ঢুকি পোৱা নাই গাঁওবাসীক। ফলত ৰাইজে বাঁহৰ খুঁটাৰে লৈছে বিদ্যুৎসেৱা। বিদ্যুৎ বিভাগৰ এনে চৰম অৱহেলাৰ বাবে গাঁওখনত ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। এয়া বাক্সা-ওদালগুৰি সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ গৰমপাৰা গাঁৱৰ দৃশ্য। চৰকাৰৰ ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আচনিও ঢুকি নোপোৱা এই অঞ্চলৰ ৰাইজে বাঁহৰ খুঁটাৰে লৈছে বিদ্যুৎসেৱা। স্বাধীনতা ৭টা দশক অতিক্ৰমৰ সময়তো আজিও উন্নয়নে ঢুকি পোৱা নাই গৰমপাৰাবাসীক।

এইদৰে বিপদ সংকুলভাৱে বাঁহৰ খুঁটাতে বিদ্যুৎ যোগান ধৰি আহিছে বিদ্যুৎ বিভাগে। বিদ্যুৎ বিভাগৰ এনে চৰম অৱহেলাৰ বাবে গাঁওখনত ভয়ানক দুৰ্ঘটনা সংঘটিত হব পাৰে। ৰাইজকলৈ হেতালি খেলিছে অকৰ্মণ্য বিদ্যুৎ বিভাগটোয়ে৷ এই অকৰ্মণ্য বিদ্যুৎ বিভাগৰ গা লৰিব কেতিয়া? আনহাতে বিদ্যুতৰ খুটা যোগান ধৰিব নোৱাৰা বিভাগটোৱে বিল সংগ্ৰহ কৰিবলৈ নাপাহৰে৷ হেজাৰ হেজাৰ টকা বিল ৰাইজৰ পৰা সংগ্ৰহ কৰাৰ পিচতো বিদ্যুৎ বিভাগে বিদ্যুৎ যোগানৰ সুব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও কাণসাৰ নাই চৰকাৰ তথা বিভাগটোৰ৷ ফলত ক্ষোভিত হৈ পৰিছে বাক্সা-ওদালগুৰি সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ গৰমপাৰাবাসী৷ অতিশীঘ্ৰে বিদ্যুৎ বিভাগক বিদ্যুৎ যোগানৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।