ডিজিটেল ডেস্ক: সুদীৰ্ঘ ১৫ বছৰৰ অন্তত আজি ধেমাজীৰ নাৰকীয় বোমা বিস্ফোৰণ কাণ্ডৰ ৰায় প্ৰদান কৰিলে ধেমাজীৰ সত্ৰ ন্যায়াধীশ আদালতে। উগ্ৰপন্থীৰ কঠোৰ হাতোৰাই ২০০৪ চনৰ ১৫ আগষ্টৰ ধেমাজী মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰাণ লৈছিল ১০জন শিশু সহ ৩ জন নিৰীহৰ। আজি ১৫ বছৰৰ অন্তত ২০০৪ চনৰ বিস্ফোৰণ কাণ্ডৰ চূড়ান্ত ৰায়দান কৰা হয়৷ মুঠ ১৫ জন অভিযুক্তৰ ভিতৰত ৮ জনক দোষমুক্ত কৰা হৈছে৷ দোষী সাব্যস্ত হ’ল যতীন দুৱৰী, লীলা খান, দীপাঞ্জলী গোঁহাই, মুগা সন্দিকৈ, প্ৰশান্ত ভূঞা, ৰছিল ভৰালী৷
দোষমুক্ত হোৱা কেইজন হ’ল জয়া চুতীয়া, মীন বৰুৱা, জিতেন চুতীয়া, অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ আৰু মোহন চুতীয়া। ২০১১ চনত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে। চাৰ্জশ্বীটত আছিল ১৫ অভিযুক্তৰ নাম। ২০ জুনত গোচৰটোৰ চূড়ান্ত ৰায়দানৰ দিন আছিল যদিও আদালতে স্থগিত ৰাখিছিল ৰায়। ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল ৰায়। উল্লেখ্য যে এজন এতিয়াও পলাতক অৱস্থাত আছে৷ ৮ জন দোষমুক্ত হোৱাত ভূক্তভোগী ১৩ টা পৰিয়ালে অসন্তুষ্টি প্ৰকাশ কৰিছে৷